Himangshu Rajan Bhuyan

Plight of Assamese Film is at a dire stress. It is a well-known fact and needs immediate attention. Though many intellectuals and people from the industry tried hard to improve its condition yet visible reward is very less.

Sighting this sad situation, a gentle man from Jamugurihat, Sonitpur district in Assam, took to social media and poured his heart out on the current realities.

Himangshu Ranjan Bhuyan states that how people of Assam books tickets from a month earlier to watch Bollywood Movies in theatres.  However similar zeal and enthusiasm lacks desperately when it comes to Assamese/local state movies.

Himangshu who is a writer and poet by profession mentions that there are several instances where Assamese movie have touched pinnacle by receiving national awards, yet the value and promotion that it receives in its own state is negligible. It is not far when the Assamese film industry will cease to exist.

The gentleman then takes up the upcoming movie of Zubeen Garg- Mission China.

He states that Zubeen Garg has put almost 2.5 crore in the production of Mission China and wants the people of Assam to make this a Nation hit by watching it.

Himangshu is also Cluster Resource Centre Coordinator at Assam Govt. Department Of Education and Executive Member at Abhiyatri Jamugurihat.

Here is what he wrote:

অসমৰ চলচিত্ৰ উদ্যোগটোৰ যি দুৰৱস্থা হৈছে, সেয়া নতুনকৈ কাকো কোৱাৰ হয়তু প্ৰয়োজন নাই ৷ হিন্দী চিনেমা এখন চাবলৈ এসপ্তাহ আগৰ পৰা লাইন পাতি টিকত কাটে, বুক মাই শ্ব’ ত টিকত বুক কৰে ৷ অসমীয়া ছবিৰ প্ৰতি অনিহা কিয় ? কিয় আমি নিজৰ ভাষাৰ ছবি এখন চাবলৈ টান পাও ৷ পোনপটীয়া উত্তৰ – অসমীয়া ছবি বহু ক্ষেত্ৰত বহু পাছপৰা ৷

প্ৰযুক্তিবিদ্যাৰ এই দ্ৰুত উন্নতিৰ যুগত কিয় অসমীয়া ছবিৰ প্ৰযোজক, পৰিচালকে কেইটামান টকা খৰচ কৰি বলিউদৰ হিন্দী চিনেমাত ব্যৱহাৰ কৰা শেহতীয়া টেকন’লজী, ভি এফ্ এক্স , একচন আদি ব্যৱহাৰ কৰি ছবি বনাব নোৱাৰে ? কিয় ছবিত এক বৃহৎ অংকৰ ধন বিনিয়োগ কৰিবলৈ ভয় কৰে ? কাৰণ অসমীয়া মানুহে ছবিঘৰত টিকট কাটি অসমীয়া ছবি নাচায় ৷

ক’ৰ পৰা বিনোয়োগ কৰা ধন ঘুৰি আহিব ? যুৱ প্ৰজন্মৰ নিজৰ অসমীয়া ছবিৰ প্ৰতি চুড়ান্ত অৱহেলা ৷ তেওঁলোকৰ দৃষ্টিত অসমীয়া চিনেমা ‘কামোৰ’ ৷ এটা সময়ত বহু সংখ্যক ভাল অসমীয়া ছবি নিৰ্মান হৈছিল ৷ মানুহ ঢপলিয়াই আহিছিল ছবিঘৰলৈ ৷ বৰ্তমান সেই দিন নোহোৱা হ’ল ৷ ভাল ছবি নিৰ্মান হয় যদিও সি বিশেষ কিবা ভালখবৰ আনিব নোৱাৰে ৷ দৰ্শক ছবিঘৰলৈ নাযায় ৷

প্ৰতি বছৰেই অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰে ,সুনাম কঢ়িয়াই আনে কিন্তু অসমৰ দৰ্শকে সেই ছবি আকোৱালী নলয় ৷ ফলত বহু কেইগৰাকী খ্যাতনামা পৰিচালকে এখন ছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি নহা হৈছে ৷ আজিকালি অসমীয়াৰ ‘টেষ্ট’ সলনি হৈছে ৷ বিশেষভাৱে যুব চামে আগৰ সেইধৰণৰ ছবিত ‘টেষ্ট’ নাপায় ৷ হিন্দী চিনেমাৰ দৰে মছলাধৰ্মী, একচন , আটকধুনীয়া দৃশ্যগ্ৰহণ, ভি এফ এক্সৰ সমাহাৰ ঘটা ছবি বিচাৰে ৷ এন্টাৰটেইন্টমেন্ট হবই লাগিব, ভাল হবই লাগিব ৷

অহা ৮ চেপ্তেম্বৰৰ দিনা ছবিঘৰলৈ আহিব অসমৰ বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ “মিছন চাইনা” ৷ প্ৰায় আঢ়ৈ কোটি টকা ৰ ব্যয়ৰে জুবিনে একপ্ৰকাৰ ‘চেলেঞ্জ’ কৰিছে ৷ কিয় অসমত বলিউদৰ সমপৰ্যায়ৰ ছবি নিৰ্মান কৰিব নোৱাৰি ? জুবিনৰ সংগীত জীৱনৰ সকলোখিনি উপাৰ্জনৰ ধন বিনিয়োগ কৰিলে এখন ছবিত – যিটো মৰসাহ কেৱল জুবিনেহে কৰিব পাৰে ৷

ছবিখনৰ ট্ৰিজাৰ, প্ৰম’চনেল ট্ৰেইলাৰ , গীত সকলোতে এক নতুনত্বৰ সমাহাৰ… একচন, থ্ৰীলাৰ, ৰোমাঞ্চ সকলোখিনি আছে ৷ বৰ্তমানলৈকে ইন্টাৰনেটত মুক্তি দিয়া গীতকেইটিৰ লগতে ট্ৰেইলাৰটোৰ দৃশ্যগ্ৰহন, কেমেৰাৰ অভিনৱ ব্যৱহাৰ , একচন সকলোখিনি কোনোপধ্যেয় হিন্দী চিনেমাতকৈ কোনো ফালে কম নহয় ৷ প্ৰম’চনেল ভিডিঅ’ ত জুবিনৰ লগতে সকলোবোৰ অভিনেতা অভিনেত্ৰীৰ অভিনয়ৰ উমান দৰ্শকে পাইছে ৷

‘তুমি মোৰ মাথো মোৰ’, ‘মন যায়’, ‘দিনবন্ধু’ ৰ পৰা ‘ৰ’দৰ চিঠি’, ‘গানে কি আনে’ লৈকে জুবিনৰ অভিনয় দক্ষতা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ সফল অভিনেতা জুবিন ৷ ‘মিছন চাইনা’ ত জুবিনৰ লগতে ছবিখনৰ লগত জড়িত সকলোৱে দুটা বছৰ অশেষ কষ্ট স্বীকাৰ কৰিলে , কেবাটাও পৰ্যায়ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু ভূটানৰ চীন সীমান্তৰ বিভিন্ন দূৰ্গম অঞ্চলত দৃশ্যগ্ৰহণ কৰিলে ৷ তাৰ পাছত আহিল প্ৰচাৰ ৷ কিজানি কোনো অসমীয়া ছবিৰ ক্ষেত্ৰত এনেধৰনৰ প্ৰচাৰ কোনোদিনে হোৱা নাই ৷

অসমৰ প্ৰতিটো টেলিভিচন চেনেল, বাতৰি কাকত , চ’চিয়েল মিডিয়া সকলো সমানে জপিয়াই পৰিছে মিচন চাইনাৰ প্ৰচাৰত ৷ ফেচবুক, হোৱাটচ্ এপ সকলোতে যোৱা দুই তিনিমাহ কেৱল মিচন চাইনাৰ উৎকন্ঠা ৷যোৱা এসপ্তাহ দহদিন দিন ৰাতি একাকাৰ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে জুবিন দৌৰি ফুৰিছে মিচন চাইনাৰ প্ৰচাৰৰ কামত ৷ অসমৰ সকলো যুবপ্ৰজন্ম ওলাই আহিছে মিছন চাইনাৰ বাবে ৷ কাৰণ মিছন চাইনা জুবিন দাৰ ছবি ৷ কিয় ? সততে বিতৰ্কৰ মেৰপাকত সোমাই থকা জুবিনক কিয় ইমান ভাল পাই মানুহে ?

কাৰণ বিতৰ্কিত হ’লেও জুবিনৰ সৰলতাভৰা কথা, শিশুসুলভতা আৰু মানুহৰ বাবে, দূৰ্গতসকলৰ বাবে কাম কৰাৰ মানসিকতা, কাম কৰাৰ ষ্টাইল এইবোৰে অসমৰ প্ৰতিগৰাকী যুৱপ্ৰজন্মক আজি আকৰ্ষিত কৰি আহিছে ৷ মোহাচন্ন কৰি ৰাখিব পাৰিছে ৷ এইবোৰ দোহাৰিবৰ প্ৰয়োজন নাই ৷ অসমৰ চলচিত্ৰৰ এই দূৰ্যোগৰ সময়ত জুবিনে অকলে আঢ়ৈ কোটি টকা খৰচ কৰি এই মৰসাহ কৰি প্ৰতিজন অসমীয়া চলচিত্ৰ প্ৰেমীলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ ছবিখনত কি আছে সেয়া ৮ চেপ্তেম্বৰত দৰ্শকে চাব ৷ কিন্তু কথা হ’ল জুবিনে যদি এনে মৰসাহ কৰিব পাৰে আন দহজনে কিয় নোৱাৰে ? টকা খৰচ কৰি, শেহতীয়া সকলো টেকন’লজী ব্যৱহাৰ কৰি একচন, থ্ৰীলাৰ, ৰোমাঞ্চ সকলোদিশ সামৰি এখন যদি ভাল ছবি নিৰ্মান কৰে , নিশ্চয় যুবচাম চাবলৈ যাব ৷

মাত্ৰ প্ৰয়োজন হব কিছু সাহস ৷ লগতে আজি যুবচামে বা অসমৰ দৰ্শকে আজিৰ তাৰিখত এখন ছবিত কি বিচাৰে, সেয়া জানিব লাগিব ৷ যিটো জুবিনে ভালদৰে জানে , আৰু তাক কাৰ্যক্ষেত্ৰত চিনেমাখনত প্ৰয়োগ কৰিবলৈ অলপো কাৰ্পণ্য কৰা নাই ৷

মিছন চাইনা চাবলৈ যে ছবিঘৰত দৰ্শকে ভিৰ কৰিব , দৌৰি দৌৰি অসমীয়া যুবচামে মিচন চাইনা চাবলৈ যাব , সেয়া খাটাং ৷ আমি আশা কৰিছো , জুবিনে খৰচ কৰা আঢ়ৈ কোটিয়েই নহয় , মিছন চাইনাই দহ কোটি উপাৰ্জন কৰি নতুন অভিলেখ প্ৰতিষ্ঠা কৰক আৰু অসমৰ প্ৰতিগৰাকী প্ৰযোজক পৰিচালকলৈ এটা বাৰ্তা যাওক – আজিৰ সময়ত, যুবপ্ৰজন্মৰ লগতে আজিৰ অসমীয়া দৰ্শকে অসমীয়া ছবি এখনত কি থকাটো বিচাৰে সেয়া ভালদৰে অধ্যয়ন কৰি , সাহসৰে ভাল ভাল ছবি নিৰ্মান কৰিবলৈ আগবাঢ়ি আহক, অসমীয়া ছবিৰ আকৌ সুদিন আহিব ৷ মানুহক ভালপোৱা মানুহ জুবিন সফল হওঁক, এই কামনাৰে….

© হিমাংশু ৰণ্ জন ভূঞা, জামুগুৰিহাট
২৬ আগষ্ট ‘২০১৭ ৷

Following is the FB post of Himangshu:

LEAVE A REPLY

Please enter your comment!
Please enter your name here